জিকিৰৰ ৰচক কোন –
জিকিৰৰ ৰচক হল -“শ্বাহ-মিলান” নামৰ এজন ইছলাম ধমী লোক যিজনক আমি সকলোৱে
আজান ফকিৰ নামেৰে জানে।
“জিকিৰ” শব্দৰ উৎপত্তি হল জিকৰ নামৰ শব্দৰ পৰা৷ ইয়াৰ মূল অৰ্থ হল আল্লাৰ নাম পুনঃ পুনঃ গুনানু-কীৰ্তন কৰা।
হিন্দুৰ ভত্তিমূলক প্ৰাৰ্থনা বা স্ত্ত্তিমূলক গীতবোৰক ইচলাম সকলৰ “জিকিৰ” লগত তুলনা কৰিব পাৰি৷
ইয়াক ইচলাম সকলৰ ভকতীয়া গীত বুলি কব পাৰি৷
আজান ফকিৰ- ( Ajan Fakir or Shah Miran )এজন প্ৰায় ১৬-১৭ খ্ৰীষ্টাব্দৰ ইছলাম ধমী সাধু আৰু ধৰ্ম প্ৰচাৰক। তেখেত আজান পীৰ, হজৰত শ্বাহ-মিৰান” বা শ্বাহ-মিলান নামেৰেওজনাজাত। বহুতে কব খুজে যে তেও আৰব দেশৰ বাগদাদৰ পৰা নতুবা আজমীৰৰ আহি অসমৰ শিৱসাগৰত ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল।অসমৰ বৈঞ্চৱ ধৰ্মৰ লগত আজান ফকিৰৰ প্ৰচাৰিত পন্থাৰ বহু খিনি মিল দেখা পোৱা যায়. সাধাৰণ লোকৰ বিশ্বাস মতে তেও ৰছনা কৰা“জিকিৰ” প্ৰায় ১৬৩৪-১৭৩৪ খ্ৰীষ্টাব্দৰ সময়ৰ বুলি অনুমান কৰিব পৰা যায়য়ত অনেক জিকিৰত লোকগীতৰ আৰু বৈঞ্চৱ সাহিত্যৰ চাপ পোৱা যায়. “জিকিৰ” শব্দৰ উৎপত্তি হল জিকৰ নামৰ শব্দৰ পৰা৷ ইয়াৰ মূল অৰ্থ হল আল্লাৰ নাম পুনঃ পুনঃ গুনানু-কীৰ্তন কৰা।হিন্দুৰ ভত্তিমূলক প্ৰাৰ্থনা বা স্ত্ত্তিমূলক গীতবোৰক ইচলাম সকলৰ “জিকিৰ” লগত তুলনা কৰিব পাৰি৷ইয়াক ইচলাম সকলৰ ভকতীয়া গীত বুলি কব পাৰি৷ইচলাম ধৰ্ম মূল বিষয়বোৰ এইগীতৰ মাজত নিহিত হৈ আছে। ডক্টৰ সূয্যকুমাৰ ভূঞাৰ ৰচিত বুৰঞ্জীৰ পাঠ লুতিয়ালে আমি পাম যে ১৬৮১-১৬৯৬ খ্ৰীষ্টাব্দতআহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰজাৰ ৰাজত্ব কাল আছিল অসমত। এইৰজাৰ ৰাজত্ব কালতেই ৰুপাই দা-ধৰা নাম্ৰ এজনপৰোচনাত পৰি ১৬৮৪ চনত ধৰ্ম প্ৰচাৰকআজান ফকিৰচকু কাঢ়ে। পিছত স্বৰ্গদেউ গদাধৰ সিংহই আজান ফকিৰৰ ধৰ্মমাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ দিখৌমুখৰ চৰাগুৰি নামৰ ঠাইৰ চাপৰিত মাটি ভেটি দিয়ে। তাতেই ধৰ্ম প্ৰচাৰক আজান ফকিৰৰ মৃত্য হয়।
জিকিৰ -ইছলাম ধমীয় সাধু আৰু ধৰ্ম প্ৰচাৰক আজান ফকিৰৰদাৰা ৰচিত গীতবোৰ অসমীয়া ভা্ষা-সাহিত্যৰ অতি অমূল্য সম্পদ। “জিকিৰ” শব্দৰ উৎপত্তি হল জিকৰ নামৰ শব্দৰ পৰা৷ ইয়াৰ মূল অৰ্থ হল আল্লাৰ নাম পুনঃ পুনঃ গুনানু-কীৰ্তন কৰা।অসমৰ বৈঞ্চৱ ধৰ্মৰ লগত আজান ফকিৰৰ প্ৰচাৰিত পন্থাৰ বহু খিনি মিল দেখা পোৱা যায় জিকিৰ গীতবোৰত। সাধাৰণ লোকৰ বিশ্বাস মতে তেও ৰছনা কৰা“জিকিৰ” প্ৰায় ১৬৩৪-১৭৩৪ খ্ৰীষ্টাব্দৰ সময়ৰ বুলি অনুমান কৰিব পৰা যায় যত অনেক জিকিৰত লোকগীতৰ আৰু বৈঞ্চৱ সাহিত্যৰ চাপ পোৱা যায়. হিন্দুৰ ভত্তিমূলক প্ৰাৰ্থনা বা স্ত্ত্তিমূলক গীতবোৰক ইচলাম সকলৰ “জিকিৰ” লগত তুলনা কৰিব পাৰি৷ইয়াক ইচলাম সকলৰ ভকতীয়া গীত বুলি কব পাৰি৷ইচলাম ধৰ্মৰ মূল বিষয়বোৰ এইগীতৰ মাজত নিহিত হৈ আছে।
তলতলিখাপদ্যফাঁকিব্যাখাকৰা- মূল্যায়ন- ৩/৪
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি
-প্ৰশ্নটোৰউত্তৰতিনিটাভাগত লিখিবৰ বাবেচেষ্ঠাকৰিবলাগে-
১ম – পদ্যফাকিকৰপৰাতুলিঅনাহৈছে
২য় – পদ্যফাকিৰজৰিয়তেলেখকেকিকববিছাৰিচেতাকউল্লেখকৰিবলাগে.
৩য়- লেখকৰমতেপদ্যফাকিৰচমুবিৱৰ্ণ
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি
উত্তপদ্যফাঁকিআমাৰঅসমীয়াপাঠ্যপুথিৰ আজান ফকিৰৰৰচিত “জিকিৰ“নামৰ পদ্যটোৰপৰাতুলিঅনাহৈছে.
উত্তপদ্যফাঁকিৰ জৰিয়তে আজান ফকিৰদেৱে মানৱ জীৱনৰ পৰম মুত্তি লাভৰ কথা ব্যত্ত কৰিব বিচাৰিছে.
মনুষ্য জাতিৰ বাবে এক পবিএ তীৰ্থ ভূমি হল মক্কা. ইয়াৰ দুৱাৰ সকলোৱে বাবে খোলা আছে. ইয়াত ভগৱানৰ তথা আল্লাৰ ওচৰত নিজৰ জীৱনৰ পৰম মুত্তি লাভৰ বাবে সকলোৱে আল্লাৰ বা ঈস্বৰৰ নাম লয় বা জিকিৰ গাই আল্লাৰ নাম পুনঃ পুনঃ গুনানু-কীৰ্তন কৰে. কিন্ত্ত তেতিয়াও মানৱে আল্লাৰ বা ঈস্বৰক বিছাৰি নাপাও. মানুহে যেতিয়া মায়াৰ বশৱত্তি হৈ পাপ কামত লিপ্ত হয় সেই সময়তেই আল্লাৰ বা ঈস্বৰে মানৱক পৰিত্যাগ কৰে. পাপত পোতগৈ মক্কাত গৈ আল্লাৰ বা ঈস্বৰৰ নাম ললেই সেই জন মানৱৰ পৰম মুত্তি হৱ নোৱাৰে.যেনেকৈ শাল আৰু শল মাছৰ লগত দৰিকা মাছৰ টপালিৰ একো খাবলৈ ভাল নহয় তেনেকৈ মক্কালৈ গৈ আল্লাৰ বা ঈস্বৰৰ নাম ললেই অসত কামত বৰ্ত্তি থকাজনৰ মুত্তি সম্ভৱ নহয়. দৰিকা মাছৰ প্ৰভাৱ যেনেকৈ শাল আৰু শল মাছৰ লগত নপৰে তেনেকৈ আল্লাৰ বা ঈস্বৰৰ স্থান মক্কালৈ গৈও
আল্লাক বিছাৰি নোপোৱাৰ মানৱে হাৱাথুৰি খাই ঘুৰি ফুৰে. লিখকে কৱ বিছাৰিছে যে আল্লাৰ বা ঈস্বৰৰ নাম একাত্ম ভাৱে যি স্মৰন কৰে তেও অন্তৰত আল্লাৰ বাঈস্বৰই বিৰাজমান কৰে.
তলত লিখা পদ্য ফাঁকি ব্যাখা কৰা- মূল্যায়ন- ৩/৪
– পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত
খোদা ৰছুল লোকাই আছে মোমিনৰ আৰত
উত্ত পদ্য ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ আজান ফকিৰৰ ৰচিত “জিকিৰ“নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে.
উত্ত পদ্য ফাঁকিৰ জৰিয়তে আজান ফকিৰদেৱে ভগৱানক কেনেদৰে বিছাৰি পাৱ পাৰি তাৰ কথা ব্যত্ত কৰিব বিচাৰিছে.
পানীয়ে প্ৰানীৰ প্ৰান. জীৱক পীয়াহত পানীৰ প্ৰয়োজন হয় . একোৰা জুই নিজেই বহুত উত্তপ্ত বা গৰম. জাৰত প্ৰানীবোৰে জুই বা অগ্নি উত্তাপ গ্ৰহন কৰে. কিন্ত পানী বা জুইয়ে নিজৰ নিজৰ অন্তনিৰ্হিত শক্তিৰ বিষয়ে নাজানে. পীয়াহত পানীক পানী বা জাৰত জুইক গৰম উত্তাপ বুলি বুজি নাপালে সেইজনে পানী বা জুইক বিছাৰি চলাথ কৰিলেও বিছাৰি নাপাব.
সেইদৰে আল্লা বা ঈস্বৰ আমাৰ সকলোৱে শৰীৰত থাকে. কিন্ত্ত তেতিয়াও আমি আল্লা বা ঈস্বৰক বিছাৰি নাপাও যেতিয়া ভগৱানৰ মহিমাৰ কথা আমি নাজানিম. মানুহে যেতিয়া মায়াৰ বশৱত্তি হৈ পাপ কামত লিপ্ত হয় সেই সময়তেই আল্লাৰ বা ঈস্বৰে মানৱক পৰিত্যাগ কৰে. তেতিয়া সমগ্ৰ বিশ্ব বিছাৰি চলাথ কৰিলেও ভগৱানক বিছাৰি পোৱা নাজাব.
কিন্ত যি জন সৎ মুছলমান কৰ্মৰ কৰ্তব্য পালনত নিজকে নিয়োগ কৰে সেইজনৰ শৰীৰত ভগৱানে বিৰাজমান কৰে.
তলত লিখা পদ্য ফাঁকি ব্যাখা কৰা- মূল্যায়ন- ৩/৪
– মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰঘাট
বেহা্ব নোৱাৰে তাত মায়াই ভেটে বাট
উত্ত পদ্য ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ আজান ফকিৰৰ ৰচিত “জিকিৰ“নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে.
উত্ত পদ্য ফাঁকিৰ জৰিয়তে আজান ফকিৰদেৱে স্ংসাৰৰ মায়া মোহত বশৱত্তিহৈ মানৱে মক্কালৈ গলেইযে মনত শান্তি লভিব তাৰ কথা ব্যত্ত কৰিব বিচাৰিছে.
তিৰবেনীৰ ঘাটৰদৰে ত্ৰক পৱিত্ৰ স্থানক উত্তপদ্য ফাঁকিৰ জৰিয়তে মক্কাৰ দৰে আন ত্ৰক পৱিত্ৰ স্থানৰ লগত তুলনা কৰিছে৷ প্ৰধানকৈ হিন্দুধৰ্ম্মী লোকসকলৰ পৱিত্ৰ স্থান হৈছে তিৰবেনীৰ ঘাট।গ্ংগা, যমুনা আৰু সৰস্বতী নদীৰ মিলিত বাৰানসীৰ সেই পৱিত্ৰ সংগম স্থলক ত্ৰবেণী বুলি কোৱা হয়৷ হিন্দুধৰ্ম্মী লোকসকলৰ বিশ্বাস মতে ত্ৰই পৱিত্ৰ স্থানত স্বান কৰিব পাৰিলে সকলো পাপ মুচন হোৱাৰ লগতে মুৰ্ত্তিও প্ৰাপ্ত হয়। হিন্দু আৰু মুছ্লমান উভয় ধৰ্ম্মামল্বী লোক সকলে ত্ৰই পৱিত্ৰ স্থানক আদৰ কৰে৷ মুছ্লমান সকলেও জীৱনৰ পৰা মুৰ্ত্তি লাভ কৰি আল্লাৰ সৈতে মিলন সম্ভৱ হবৰ বাবে এবাৰ হলেও মক্কালৈ তীৰ্থৰ বাবে যোৱাত অগাধ বিস্বাস কৰে৷
কিন্তো স্ংসাৰৰ মায়ামোহত বশৱত্তিহৈ মানৱে মক্কালৈ গলেই মনতশান্তি লভিব নোৱাৰে অৰ্থাত তেওলোকে কেৱল মাএ আনক দেখিহে মক্কালৈ গৈছে তাৰ পৰিৱৰ্তে প্ৰকৃততে অন্তৰৰ পৰা মুত্তি লাভৰ বাঞ্চা কৰা নাই নতুবা আল্লাক বিছাৰিচ পৰা নাই নতুবা ত্ৰই মায়ামায় পাৰ্থিৱ মোহৰ পৰা মুত্তি লাভ কৰিব পৰা নাই৷
স্ংসাৰৰ মায়াই বাধা দিয়া বা মায়াৰ মাজত আবদ্ধ হৈ সুখ শান্তিৰ পৰিৱৰ্তে দুখহে পাৱ লগা হৈছে।
তলত লিখা পদ্য ফাঁকি ব্যাখা কৰা- মূল্যায়ন- ৩/৪
– সজাৰ মইনাটিৰ অনেক যুগুতি
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি
উত্ত পদ্য ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ আজান ফকিৰৰ ৰচিত “জিকিৰ“নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে.
উত্ত পদ্য ফাঁকিৰ জৰিয়তে আজান ফকিৰ দেৱে স্ংসাৰৰ মায়ামোহত বশৱত্তি হৈ থকা মানৱ জীৱনৰ আত্মাৰ কথা ব্যত্ত কৰিব বিচাৰিছে.
মানৱে ক্ষনভংগৰ জীৱনটোৰ মায়া মোহত বন্দীহৈ গৌৰৱবোধ কৰে৷কিন্তো মৃত্যুৰ পাছত সেই দেহৰ কোনো অৰ্থ নাথাকে।দেহৰ সজাত বন্দীহৈ থকা আত্মা উলাই যায়, যেনেকৈ সজাত বন্দীহৈ থকা মইনা চৰাই সজাৰ পৰা উলাই যায়।মইনা চৰাইটোৱে দুৰৰ পৰা বন্দী সজাতো চাই থাকে ঠিক তেনেদৰে আত্মাই নশ্বৰ দেহটোৰ অৱস্থাটো আতৰৰ পৰা চাই থাকে।
ভেলৰ দৰে দেহটো এদিন মাটিৰ লগত মিহলি হৈ বিলীন হৈ পৰে৷কিন্তো দেহ যদিও অস্থায়ী তাৰ পৰিবতে আত্মা চিৰস্থায়ী আৰু অবিনশ্বৰ। সত্য আৰু সৎ কৰ্মৰ জৰিয়তে আত্মাৰ শুদ্ধতা ৰক্ষা কৰি চলিলে মৃত্যুৰ পাছতো অমৰ হব পাৰি৷ সেয়েহে মানৱে জীৱত কালতে সৎ কৰ্ম কৰি নিজক অমৰ কৰিব পাৰে৷ আত্মাই মানৱ শৰীৰ ত্যাগ কৰিলেহে স্ংসাৰৰমায়ামোহৰ পৰা পৰিত্ৰান লাভ কৰে।