Bahagir Biya

ব’হাগীৰ বিয়া   –  Bahagir Biya – Raghunath Choudhury   কবিতা পুথি হল – সাদৰী

অতি চমু উত্তৰ দিয়া-
১) মংগল উৰুলি কোনে দিছিল –
– ফেঁচু চৰাই ব’হাগীৰ বিয়াত মংগল উৰুলি দিছিল
২) মংগল উৰুলি কি হয়
– তিৰোতা মহিলা সকলে মুখৰ ভিতৰৰ জিভা ঘুৰাই  যি শব্দৰ উত্পত্তি হয় তাকে উৰুলি বুলি কোৱা হয়৷ সাধাৰনতে মাংগলিক কামত উৰুলিৰ ব্যৱহাৰ হয়হেতু মংগল উৰুলিৰ নাম প্ৰযোয্য হয়.
৩) স্ততি গীত কোনে আৰম্ভ কৰিছিল
– দহিকতৰাই প্ৰভাতি সুৰত স্ততি গীত আৰম্ভ কৰিছিল৷
৪) ৰঘুনাথ চৌঘুৰী অসম সাহিত্য সভাৰ সভাপতি কেতিয়া হৈছিল –
– 1936 চনত, তেজপুৰৰ অধিৱেশনত ৰঘুনাথ চৌঘুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল
৫) ৰঘুনাথ চৌঘুৰীৰ কবিতা পুথিৰ নামবোৰ লিখা-
– ৰঘুনাথ চৌঘুৰীৰ কবিতা পুথিৰ নামবোৰ হল – কেতেকী ( Raghunath Choudhury Keteke Poem) আৰু সাদৰী (Raghunath Choudhury Sadare poem )
৬) প্ৰকৃতি জীয়ৰী কোন হয়
– ৰঘুনাথ চৌঘুৰীৰ “ব’হাগীৰ বিয়া ” কবিতাত প্ৰকৃতি জীয়ৰী হল – ব’হাগী
৭) চেলেং কি হয়-
– অতৰপীয়া পাতল কাপোৰ ৷ সাধাৰনতে গৰমকালি গাত মেৰিয়াই লোৱা হয়৷
৮) চোঁৱৰ কি সামগ্ৰী হয়-
– সাধাৰনতে চুৱৰী পহুৰ নেজৰ নোমৰ মুঠি ৷ দৰা বিয়াত আদৰিবলৈ ইয়াক ব্যৱহাৰ কৰে ৷
৯) চন্দ্ৰ্তাপ কি সামগ্ৰী হয়-
– চন্দ্ৰ্তাপ সাধাৰনতে দেৱতাৰ মুৰতিৰ থোৱা বা ডাঙৰ লোকৰ বহা ঠাইৰ ওপৰত তৰা এখন কাপোৰ
১০) বেইঘৰ – বিবাহৰ সময়ত দৰা বা কইনাক গা- ধোৱাবৰ বাবে কল-পটুৱাই তৈয়াৰ কৰা এক অসহায়ী ঘৰ ৷
১১) কন্দৰ্প কুমাৰ কোন হয় –
কামদেৱক কন্দৰ্প কুমাৰ বুলি কোৱা হয়. কিন্তু বসন্ত ঋতুক ব’হাগীৰ বিয়া কবিতাটোত কন্দৰ্প কুমাৰ বুলি কোৱা হৈছে.

 

Leave a Reply