Bahagir Biya Raghunath Choudhary Long Questions

1) ওজাপালি চমু টোকা লিখা-
– ওজাপালি অসমৰ সমাজৰ এক বিশিস্ট পৰিবেশ্য কলা ৷ পুৰানিক মহৎ গ্ৰন্থ – পুৰান, ৰামায়ন আৰু মহাভাৰতৰ জনপ্ৰিয় কাহিনীবোৰৰ আধাৰত দেওধনি নৃত্য- গীতেৰে পৰিবেশন কৰা এক শিল্পী কলা ৷ কাহিনীবোৰৰ ভাৱ-ধাৰাৰ ভিন্নতা অনুসৰি দেওধনি নৃত্য- গীতবোৰে সমীদ্দ ওজাপালিক দুভাগত ভগাব পাৰি ৷
ক) বিয়াহৰ ওজাপালি- ব্যাসৰ ৰচিতা মহাভাৰত, ৰামায়ন আৰু পুৰানৰ গীত-পদ কাহিনীৰ আকাৰেৰে নৃত্য- গীতেৰে পৰিবেশন কৰা এক শিল্পী কলা৷
খ)সুকনানি ওজাপালি – সুকবি নাৰায়নদেৱৰ পদ্মপুৰানৰ কাহিনী আকাৰেৰে নৃত্য- গীতেৰে পৰিবেশন কৰা আন এক শিল্পী কলা ৷ দেওধনি নৃত্য- গীত সুকনানি ওজাপালিৰ আন এক বৈশিস্ত

2) ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত ব’হাগীৰ বিয়াৰ উপলক্ষে প্ৰকৃতিৰ কি কি পৰিৱতন হৈছে লিখা
– ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত প্ৰকৃতিৰ জীয়ৰী ব’হাগীৰ বিয়াৰ উপলক্ষে প্ৰকৃতিৰ পৰিৱতন অতিকৈ মনোৰম ৷ চৌদিশে অকল বিয়াৰ উখল-মাখল ৰূপ ৷ প্ৰেমিক ভোমাৰাই ন- ৰূপত প্ৰান পাই উথা গছ–লতিকাৰ গাতে পৰি গোটেই ধৰণীখনত বিয়াৰ জাননি দি ফুৰিছে ৷ শিমলু, পলাশ আদি গছবোৰেও নিজৰ নিজৰ জীন আভৰণ সলাই নতুন ৰূপত দেখা দিছে ৷ সুগন্দী ফুল কামিনী –কান্চন , চম্পা , নাগেশ্বৰ বোৰেও ন ন ৰূপ ধৰি ফুলৰ বাগিছাৰ দলিছা পাৰিছে ৷ মলয় বতাহে সুগন্দী ফুলৰ গোন্ধবোৰ বোকোচাতলৈ ধৰনীৰ চৌদিশে বিলাই ফুৰিছে ৷ লতাবোৰে ঠায়ে ঠায়ে ৰমক-জমক কৰি বেইঘৰ সাজিছে ৷ আকাশত যেনেকৈ বগা মেঘবোৰে চন্দ্ৰতাপৰ দৰে ওলমি আছে তেনেকৈ আই বসুমতীয়েও সেউজীয়াৰ দলিছা পাৰি দিছে ৷
ফেহু চৰাইটি আহি মংগল উৰুলি দিছে , লগতে দহিকতৰাই স্ততি গীত আৰম্ভ কৰিছে ৷ ইয়াকে দেখি ৰঙিয়াল কুলিয়েও গীত আৰম্ভ কৰিছে ৷ সোনাৰু , কনক , চম্পা, ডালিম, নাৰজী, অপৰাজিতা ফুলবোৰ ফুলি ধৰিছে ৷ পাটমাদৈ, ময়ুৰ চৰাইবোৰেও নিজৰ নিজৰ দেহ-ৰূপ প্ৰদশন কৰিছে৷ নানা ধৰনৰ পখিলাই উৰি ফুৰিছে৷ মেঘবোৰে ঢোলৰ চাপত গাজনি মাৰিছে ৷ টুনি, বুলবুলি , হেটেলুকা চৰাইবোৰে ইফালে সিফালে জপিয়াই নাচিব ধৰিছে ৷ কেতেকী চৰাইৰ বিয়াৰ সুমধুৰ মাতত কেতেকী , ভেটফুলবোৰেও ৰমক-জমক কৰি ফুলি উথিল ৷ মুঠৰ ওপৰত গোটেই ধৰনীখন ব’হাগীৰ বিয়াৰ উপলক্ষে প্ৰেমৰ পুশ্প উপবনৰ দৰে হৈ পৰিল ৷

3) ৰঘুনাথ চৌধাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত ব’হাগীৰ বিয়াৰ উপলক্ষে ফুলবোৰে কি কি প্ৰস্ততি কৰিছিল লিখা

– – ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত প্ৰকৃতিৰ জীয়ৰী ব’হাগীৰ বিয়াৰ উপলক্ষে ফুলবোৰৰ প্ৰস্ততি অতিকৈ মনোৰম ৷ চৌদিশে অকল বিয়াৰ উখল-মাখল ৰূপ ৷ সুগন্দী ফুল কামিনী –কান্চন , চম্পা , নাগেশ্বৰ বোৰেও ন ন ৰূপ ধৰি ফুলৰ বাগিছাৰ দলিছা পাৰিছে ৷৷ লতাবোৰে ঠায়ে ঠায়ে ৰমক-জমক কৰি বেইঘৰ সাজিছে ৷ ৷ সোনাৰু , কনক , চম্পা, ডালিম, নাৰজী, অপৰাজিতা ফুলবোৰ বেণু ধৰি ব’হাগীৰ খোপা সজাইছে ৷ ব’হাগীৰ কানত পিন্ধাবৰ বাবে ডালিম ফুলে বাখৰ-পতোৱা কেৰু বান্ধিছে , হাতত পিন্ধাবৰ বাবে কুন্জলতিকা ফুলে সোনখতা মুঠিখাৰু বান্ধিছে ৷ নাৰজী, অপৰাজিতা ফুলবোৰ ফুলি ধৰিএীখন শুৱনি কৰি ধৰিছে ৷ সকলো ফুলৰাণীবোৰে ফুলৰেণু আৰু কুহিপাত , লছনৰ গুৰিৰ ফাকু চটিয়াইছে ৷ ফুলৰ মলয় বতাহে সুগন্দী ফুলৰ গোন্ধবোৰ বোকোচাতলৈ ধৰনীৰ চৌদিশে বিলাই ফুৰিছে ৷
4) ৰঘুনাথ চৌঘাৰীৰ  ৰচিতা ব’হাগীৰ বিয়া কবিতাত অসমীয়া বিয়াৰ কি কি ৰূপ দেখা পোৱা গৈছিল –
– ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত অসমীয়া বিয়াৰ কিছুমান ৰূপৰ সংমিশ্ৰন দেখা পোৱা গৈছিল ৷
জোৰন- – বিয়াৰ আগতে দৰা ঘৰৰ পৰা কইনা ঘৰলৈ মাংগলিক কাপোৰ-অলংকাৰ আদি বিভিন্ন
বস্তুৰ সম্ভাৰ পঠোৱা নিয়মক জোৰোণ বুলি কব পৰা যায় ৷ এই ব’হাগীৰ বিয়া কবিতাটোত জোৰোণ পিন্ধাব আহিছে পাটমাদৈয়ে ৷
বেইঘৰ- – বিয়াৰ দিনা দৰা বা কইনাক মা-হালধিয়ে ধোৱাবৰ বাবে কল-গছ, বাহ- গছ আৰু ফুলেৰে নিৰ্মিত অস্হায়ী ঘৰ ৷

ৰভাঘৰ – কলপাতৰ এখন অস্হায়ী ঘৰ বানোৱা হয়৷ বিভিন্ন ফুল-মালতিয়ে গোটেই ৰভাঘৰখন
বাচকবনীয়া কৰি পেলোৱা হয়৷ কইনাক সোনৰ আ-অলংকাৰ আৰু বাচক-বনীয়া সোন-বাৰনীয়া কাপোৰ পিন্ধোৱা হয়৷ এই খিনি সময়ত বিয়া নাম বোৰো গুৱা হয়৷
অসমীয়া বিয়াত যেতিয়া দৰা, কইনা ঘৰ পদুলি পাইহি তেতিয়া অসমীয়া সমাজৰ বিভিন্ন বাদ্য-যন্ত ৰাইজে বজাই দৰাক আদৰি আনে ৷

5) ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত ব’হাগীক কোনে কেনেদৰে সজাই তুলিছিল লিখা –
– – ৰঘুনাথ চৌঘাৰীৰ ৰচিতা ব’হাগীৰ বিয়া কবিতাত প্ৰকৃতিৰ জীয়ৰী ব’হাগীৰ বিয়াৰ উপলক্ষে সজাই তুলা দৃশ্য মনোৰম ৷ চৌদিশে অকল বিয়াৰ উখল-মাখল ৰূপ ৷ পাটমাদৈ চৰাইয়ে পাটগাভৰুটি হৈ প্ৰকৃতিৰ জীয়ৰী ব’হাগীৰ জোৰন পিন্ধাৱ আহিছে ৷ ৷ সোনাৰু , কনক , চম্পা, ডালিম, নাৰজী, অপৰাজিতা ফুলবোৰ বেণু ধৰি ব’হাগীৰ খোপা সজাইছে ৷ উষাৰানীয়ে ব’হাগীৰ কপালত সেন্দুৰৰ তিলক আৰু কুসুম ফুলৰ ৰহন কুমল গালত ঘহি দিছে ৷ ব’হাগীৰ কানত পিন্ধাবৰ বাবে ডালিম ফুলে বাখৰ-পতোৱা কেৰু বান্ধিছে , হাতত পিন্ধাবৰ বাবে কুন্জলতিকা ফুলে সোনখতা মুঠিখাৰু বান্ধিছে ৷ ময়ুৰ চৰাইয়ে ভমকা-ফুলীয়া গোমচেং মেখেলা আৰু পখিলাই বুটা কৰা ফুল বছা ৰহা ব’হাগীক পিন্ধাইছে ৷ ব’হাগীক এনেদৰে সকলোৱে মিলি সজাই পৰাই তুলিছে৷

6) ৰঘুনাথ চৌঘাৰীৰ বিষয়ে চমুটোকা লিখা
– ৰঘুনাথ চৌঘাৰী অসমীয়া ভাষা আৰু সাহিত্য জগতৰ জোনাকী যুগৰ এজন বাটকটীয়া ৷ এই অন্যতম মহানলোক ৰঘুনাথ চৌঘাৰীদেৱৰ জন্ম হৈছিল তেতিয়াৰ কামৰূপ জিলাৰ লাউপাৰা গাৱত ৷ ১৮৭৯ চনত জন্ম লোৱা ৰঘুনাথ চৌঘাৰীদেৱৰ দেউতাকৰ নাম আছিল – ভোলানাথ চৌঘাৰী৷ ৰঘুনাথ চৌঘাৰীদেৱ সৰুহৈ থাকোতেই ভৰিত দুখ পোৱাৰ বাবে শাৰিৰীকভাৱে অক্ষম হৈ পৰিছিল৷ ইয়াৰ পাছতো পৰিয়ালৰ পাৰিবাৰীক বিপদৰ বাবে চৌঘাৰীদেৱ মনোবল হেৰাই পেলোৱাত তেও সম্পৰ্কীয় এজন ককায়েকে গুৱাহাটীলৈ লৈ আনি স্কুলত নাম লগাই দিয়ে ৷ পাছত
পঢাশালিত শিক্ষকৰ কঠোৰ শাসনৰ ফলত অষ্টমমানতে পঢা সাং কৰে ৷ ঘৰতেই নিজস্ব চেষ্ঠাৰ বলত বাংলা আৰু সংস্কৃত অধ্যয়ন কৰে ৷ পাছত অধ্যয়ন বাদ দি অলপ দিন শিক্ষকতা কৰে ৷
পিছত শিক্ষকতা বাদদি তেও খেতিত মনোযোগ দিয়ে ৷ খেতিৰ সমান্তৰালকে তেও সাহিত্য-চৰ্চাত নিজকে মনোনিৱেশ কৰে৷ তেও প্ৰথম কবিতা প্ৰকাশ পাইছিল গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকীৰ আলোচনীৰ জৰিয়তে ৷ তেও জোনাকী আলোচনীৰ সহকাৰী সম্পাদক আছিল ৷ তেও
সম্পাদকত থকা আলোচনীৰ নাম হল – সুৰভি (১৯৪০–৪৪) আৰু জয়ন্তী(১৯৩৬–৩৮) ৷ তেও কবিতা প্ৰকাশ পাইছিল – বাহী আৰু আলোচনী নামৰ কাকতৰ যোগেদি৷
ৰঘুনাথ চৌঘাৰীৰ অসমীয়া ভাষা আৰু সাহিত্য জগতৰ প্ৰতি অৱদান লেখত লৱলগীয়া ৷ তেও ৰচিতা আৰু প্ৰকাশিত কবিতা পুথিবোৰ হল- সাদৰী- Xaadori ( ১৯১০) , কেতেকী- Keteki ( ১৯১৮) , কাৰবালা- Kaarbala ( ১৯২৪) , দহিকতৰা- Dohikatara ( ১৯৩১ ) আৰু নৱমল্লিকা Navamallika ( ১৯৫৮ ) ৷ মৰনোত্তৰ কালত প্ৰকাশিত কবিতা পুথি – মনাই-বৰাগী আৰু গল্প পুথি – পচতিয়া ৷ ১৯৩৬ চনত, তেজপুৰৰ অধিৱেশনত ৰঘুনাথ চৌঘুৰীদেৱ অসম সাহিত্য সভাৰ সভাপতি হৈছিল৷ ৰঘুনাথ চৌঘুৰীদেৱক আমি সকলোৱে “বিহগী কবি” বুলি জানো ৷ তেও পক্ষী আৰু প্ৰকৃতিক লৈ কবিতা ৰচনা কৰাৰ বাবে সকলোৱে মাজত “বিহগী কবি” বুলি খ্যাত ৷

 

 

Leave a Reply