Bahagir Biya – Raghunath Choudhury Short Questions

মুল্যয়ান

১) ৰঘুনাথ  চৌঘুৰীক কি নামেৰে আৰু কিয় বিখ্যাত –
– ৰঘুনাথ চৌঘুৰী আমি সকলোৱে “বিহগী কবি” বুলি জানো ৷ তেও পক্ষীবোৰক লৈ কবিতা ৰচনা কৰাৰ বাবে সকলোৱে  মাজত “বিহগী কবি” বুলি খ্যাত ৷

২) জোৰোণ কি হয় ৷ এই ব’হাগীৰ বিয়া কবিতাত কোনে জোৰোণ পিন্ধাব আহিছে ৷
– বিয়াৰ আগতে দৰা ঘৰৰ পৰা কইনা ঘৰলৈ মাংগলিক কাপোৰ-অলংকাৰ আদি বিভিন্ন বস্তুৰ সম্ভাৰ পঠোৱা নিয়মক জোৰোণ  বুলি কব পৰা যায় ৷ এই ব’হাগীৰ বিয়া কবিতাটোত জোৰোণ পিনধাব আহিছে পাটমাদৈয়ে ৷

৩)  কবিতা পুথি– সাদৰী ৰ পৰা তুলি অনা ব’হাগীৰ বিয়া কবিতাত ব্যৱহাৰ কৰা চৰাইবোৰৰ নাম লিখা-
-কবিতা পুথি– সাদৰী ৰ পৰা তুলি অনা ব’হাগীৰ বিয়া কবিতাত ব্যৱহাৰ কৰা চৰাইবোৰৰ নাম হল – কুলি, ফেঁচু চৰাই, দহিকতৰা , ময়ুৰ চৰাই , টুনী , বুলবুলি, কেতেকী আৰু হেটুলুকা

৪) কবিতা পুথি– সাদৰী ৰ পৰা তুলি অনা ব’হাগীৰ বিয়া কবিতাটোৱে কি বুজাইছে ৷
– কন্যা সন্তান বহাগ মাহত ওপজিলে ব’হাগী বুলি কোৱা হয় ৷ কবি ৰঘুনাথ  চৌঘুৰীদেৱে ব’হাগীৰ বিয়া কবিতাটোৰ জৰিয়তে কব বিছাৰিচে যে –ব’হাগী প্ৰকৃতিৰ কন্যা ৷ কবিয়ে ইয়াত ভৰ যৌৱনা গাভৰু ব’হাগীৰ বিয়া ঋতুৰাজ বসন্তৰ লগত কালপনিক ৰুপায়ন দিছে ৷

৫) ওজাপালি চমু টোকা  লিখা-

– ওজাপালি  অসমৰ সমাজৰ এক বিশিস্ট পৰিবেশ্য কলা ৷ পুৰানিক মহৎ গ্ৰন্থ – পুৰান, ৰামায়ন আৰু মহাভাৰতৰ জনপ্ৰিয় কাহিনীবোৰৰ আধাৰত দেওধনি নৃত্য- গীতেৰে পৰিবেশন কৰা এক শিল্পী কলা ৷ কাহিনীবোৰৰ ভাৱ-ধাৰাৰ ভিন্নতা অনুসৰি দেওধনি নৃত্য- গীতবোৰে সমীদ্দ ওজাপালিক দুভাগত ভগাব পাৰি ৷

ক) বিয়াহৰ ওজাপালি- ব্যাসৰ ৰচিতা মহাভাৰত, ৰামায়ন আৰু পুৰানৰ গীত-পদ কাহিনীৰ আকাৰেৰে নৃত্য- গীতেৰে পৰিবেশন কৰা এক শিল্পী কলা৷

খ)সুকনানি ওজাপালি – সুকবি নাৰায়নদেৱৰ পদ্মপুৰানৰ কাহিনী আকাৰেৰে নৃত্য- গীতেৰে পৰিবেশন কৰা আন এক শিল্পী কলা ৷ দেওধনি নৃত্য- গীত সুকনানি ওজাপালিৰ আন এক বৈশিস্ত

Leave a Reply