Short Term Questions

১১. মহাপুৰুষ মাধৱ্দেৱে কত কত ধৰ্ম প্ৰচাৰৰ বাবে ভ্ৰমন কৰিছিল আৰু সএ বনাইছিল
–  ধৰ্ম প্ৰচাৰৰ  হেতু মহাপুৰুষ মাধৱ্দেৱে ভ্ৰমন কৰা ঠাইবোৰৰ নাম হল – গনককুছি , ভেলাজাং ,
সুন্দৰিদিয়া , বাৰাদি ইত্যাদি.

 

১২.  “বৰগীত‘‘ পদ্যটোৰ জৰিয়তে তিনিটা বিষয় ব্স্তৰ উপৰত  মনোনিৱেষ কৰা হৈছে.
সেইকেইটা হল – মহাপুৰুষ মাধৱ্দেৱ,বৰগীত আৰু ব্ৰজাৱলী ভাষা

 

১৩. “বৰগীত“ পদ্যটোৰ  ৰচিতা মহাপুৰুষ মাধৱদেৱেৰ বিষয়ে লিখা  –      মূল্যায়ন- ৩/৪
     প্ৰশ্নটো কৰা হৈছে তিনিটা প্ৰশ্নৰ উত্তৰ বিছাৰি-
ক). মহাপুৰুষ মাধৱদেৱেৰ কোন আছিল / জন্ম কত হৈছিল
খ). মহাপুৰুষ মাধৱদেৱেৰ সাহিত্য জগতৰ প্ৰতি অৱদান
গ). মহাপুৰুষ মাধৱদেৱেৰ নাম ধৰ্ম  প্ৰচাৰৰ প্ৰতি অৱদান
-মহাপুৰুষ মাধৱ্দেৱেৰ জন্ম   হৈছিল ১৪৮৯ চনৰ লখিমপুৰ  জিলাৰ অন্তৰ্গত নাৰায়নপুৰৰ লেটেকু-পুখুৰী নামৰ ঠাইত.  মাক মনোৰমা আৰু পিতা গোবিন্দগিৰি ভূঞা. মহাপুৰুষ মাধৱদেৱেৰ সাহিত্য জগতৰ প্ৰতি অৱদান লেখত লৱলগীয়া. নামঘোষাপুথি হল মহাপুৰুষ মাধৱ্দেৱৰ সাহিত্য  কৰ্মজীৱনৰ কীৰ্তিস্তম্ভ. তেঁওলিখা  গ্ৰন্থবোৰৰ ভিতৰতহল –
নাটক– অংকীয়ানাট / দধিমথন  বাঅৰ্জ্জুন  ভঞ্জন
আখ্যানআদিকান্ণ্ড  ৰামায়ন  / ৰাজ-সূয়  কাব্য
তৰ্ত্তমুলকনামমালিকা / ভত্তিৰত্নাৱলী   / জন্মৰহস্য
 ঝুমুৰাচোৰধৰা , ভুজন   বিহাৰ / ভূমিলোটেৱা / পিম্পৰাগুচোৱাইত্যাদি.
শংকৰদেৱ মহাপুৰুষজনাৰ অতিকে আপোন শিষ্য আছিল মহাপুৰুষ মাধৱ্দেৱ. শংকৰদেৱ মহাপুৰুষজনাৰ নৱ বৈষ্ণৱ ধৰ্মৰ অন্য্তম  প্ৰচাৰক আছিল মহাপুৰুষমাধৱ্দেৱ. নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁৰ ৰচনা  কৰা নাটক/ আখ্যান / তৰ্ত্তমুলক  আদি  বোৰত সহজ-সৰল ভাষা আৰু ভাৱ ব্যৱহাৰ কৰি বৈষ্ণৱ ধৰ্মৰ তৰ্ত্ত্ব সমূহ সৰ্বসাধাৰন মানুহে বুজি পোৱাত সহায় কৰিছিল.

 

১৪.   তলত লিখা পদ্য ফাঁকি ব্যাখা কৰা-                               মূল্যায়ন- ৩/৪

–      আতুৰ  ভৈলোহ হৰি বিষয় বিকল
কৰিয়ো উদ্ঝাৰ মোক চৰণ কমলে    

-প্ৰশ্নটোৰ উত্তৰ তিনিটা ভাগত  লিখিবৰ  বাবে চেষ্ঠা কৰিব লাগে-

১ম –  পদ্য ফাকি কৰ পৰা তুলি অনা হৈছে
২য় – পদ্য ফাকিৰ জৰিয়তে লেখকে কি কব বিছাৰিচে তাক উল্লেখ কৰিব লাগে.
৩য়- লেখকৰ মতে পদ্য ফাকিৰ চমু বিৱৰ্ণ

–  আতুৰ  ভৈলোহ হৰি বিষয় বিকল
       কৰিয়ো উদ্ঝাৰ মোক চৰণ কমলে    

উত্ত পদ্য ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱেৰ ৰচিত “বৰগীত“ নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে.

মহাপুৰুষ মাধৱদেৱে এই মায়াৰ সংসাৰ পৰা উদ্ঝাৰ পাবৰ বাবে  ভগৱানৰ চৰণ  শৰণাপন্ন হোৱাৰ কথা উল্লেখ কৰিছে.

মহাপুৰুষ মাধৱদেৱ গুৰু জনাই  অতি কাতৰৰে বিনম্ৰ  ভাৱে ভগৱানৰ চৰণত শৰণাপন্ন হৈ অনুৰুধ জনাইছে যে এই সংসাৰৰ মায়া মোহ আৰু দুখ য্ন্তনাৰ পৰা মুত্তি লাভ কৰিবৰ  বাবে ভগৱানৰ চৰণত যাতে আশ্ৰয় লাভ কৰে

১৫. বৰগীতৰ বিষয়ে চ্মু টোকা লিখা –
– বৰগীত বোৰ দৰাচলতে এক প্ৰ্কাৰৰ উচ্চমান বিশিষ্ট, আধ্যাত্মিক ভাৱ ধাৰা আৰু শাসএীয় ৰাগ গীতৰ সমষ্টি যত নিদিষ্টমানৰ তাল নাথাকিবও পাৰে. ১৫-১৬ শতাবদ সময়ত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ দু্য়োৰ ৰচিত স্ততিমূলক আৰু আধ্যাত্মিক বিশেষ গীতবোৰক বৰগীত বুলি আখ্যা দিয়া হয়. মহাপুৰুষ শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰৰ হেতু বৰগীত সমূহ ৰচিত কৰিছিল.

১৪৮৮ চনত মহাপুৰুষ শংকৰদেৱেৰ ৰচিত mana meri rama-caranahi lagu গীতটোক প্ৰথম বৰগীত বুলি আখ্যা দিয়া হয়. বৰগীতবোৰ পদ (pada ) ভিত্তিক ৰচনা কৰা হৈছিল যত প্ৰথম পদক কোৱা হয় ধ্ৰুং (dhrung) . মহাপুৰুষ শংকৰদেৱেৰ ৰচিত প্ৰায় ২৪০ টা বৰগীতৰ ভিতৰত বৰ্তমান ১৫৪ টা বৰগীতৰ বিষয়ে গম পোৱা গৈছে. যদিও মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ২০০ টাৰ উপৰত তথাপিও ১৯১ টা বৰগীতৰ বিষয়ে গম পোৱা গৈছে বুলি পন্ডিত সকলে কব বিছাৰে.
বৰগীতৰ লক্ষনবোৰ হল –
১. আধ্যাত্মিক ভাৱ ধাৰা আৰু শাসএীয় ৰাগ- তাল যুত্ত
২. ব্ৰজাৱলী ভাষাত বৰগীত বোৰ ৰচিত.
৩. বৰগীত বোৰত ভগৱানৰ মহিমা তৰ্ত্ত্ব বৰ্ননা কৰা হয়
৪. মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ নামধৰ্ম প্ৰচাৰৰ হেতু বৰগীত সমূহ ৰচিত কৰিছিল.
৫. মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতৰ মূল বিষয়বস্ত আছিল ভগৱানৰ বাল্যকালৰ লীলা .

১৬. মহাপুৰুষমাধৱ্দেৱেৰ ৰচিত বৰগীতটিৰ মূলভাৱ লিখা –       মূল্যায়ন- ৩/৪/৫

      আমাৰ অসমীয়া পাঠ্য পুথিৰ মহাপুৰুষ মাধৱদেৱেৰ ৰচিতা “বৰগীত“নামৰ পদ্য টোৰ মূলভাৱ  এই ধৰনৰ-

প্ৰথম পদ ফাঁকিৰ  জৰিয়েতেই মাধৱদেৱ গুৰুজনাই  অতি কাতৰৰে  ভগৱানৰ চৰণত শৰণাগত হৈছে যাতে  বান্ধৱ ভগৱানে তেওক জীৱনে মৰনে লগত  ঠাই দিয়ে.

কবিৰ মতে, ব্ৰহ্মা  হৰকে আদি কৰি  শ্ৰেষঠ দেৱ- দেৱতা সকলেও যিজন ভগৱানক পাৱ্লৈ কঠোৰ ধ্যান কৰিব লগীয়া হয়, তেনে কঠোৰ ধ্যানেও ভগৱানৰ প্ৰাপ্তি সম্ভৱ নহয়.  ভগৱানৰ অপাৰ মহিমাৰ কথা  জানিবলৈ চেষ্ঠা কৰা  কথা্টো সংলগ্ন কৰি মহাপুৰুষ মাধৱ্দেৱ জনাই নিজকে অধম বুলি বিবেচনা কৰিছে.

মহাপুৰুষ মাধৱ্দেৱ জনাই এই সংসাৰৰ মায়া মোহৰ পৰা নিজকে মুক্তি লভিৱৰ বাবে ভগৱানৰ চৰণত শৰণাগতহৈ কৈছে যে ,“ ভগৱান তুমি অপাৰ সাগৰ “.ভগৱানৰ চৰণ দুখনক কবিয়ে জীৱনৰ মহাধন বুলি অভিহিত কৰি কৈছে যে , ভকতৰ অধীন ভগৱান হল ভকত সকলৰ জীৱন.

 

শেষত ভগৱানক উদ্দেশ্য মহাপুৰুষ মাধৱ্দেৱ জনাই কৈছে যে , এবাৰৰে হলেও ভগৱানে কৃপা কৰি তেওৰ চৰনত  ঠাই দি এই মায়া মোহ পৰিপূৰ্ন জীৱনৰ পৰা তেওক পৰিএান নিয়াই যেন.  লগতে প্ৰাৰ্থনা কৰে যে তেও ভগৱানৰ এই দয়াৰ  বাবে সদায় ভগৱানৰ ওচৰত দাসত্ব জীৱন আকোৱালি লব.

 

১৬.   তলতলিখাপদ্যফাঁকিব্যাখাকৰা-                               মূল্যায়ন- ৩/৪

–      সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা
অধমে জানিবো কেনে তোমাৰ মহিমা

-প্ৰশ্নটোৰ উত্তৰ তিনিটা ভাগত  লিখিবৰ  বাবে চেষ্ঠা কৰিব লাগে-
১ম –  পদ্যফাকি কৰ পৰা তুলি অনা হৈছে
২য় – পদ্যফাকিৰ জৰিয়তে লেখকে কি কব বিছাৰিচে তাক উল্লেখ কৰিব লাগে.
৩য়- লেখকৰ মতে পদ্যফাকিৰ চমু বিৱৰ্ণ

–      সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা

   অধমে জানিবো কেনে তোমাৰ মহিমা

 

উত্ত পদ্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱেৰ ৰচিত “বৰগীত“নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে.
মহাপুৰুষ  মাধৱদেৱে এই মায়া সংসাৰ ৰচিতা  ভগৱানৰ  সীমাহীন অপাৰ মহিমা কথা উল্লেখ  কৰিছে.
কবিৰ মতে, ব্ৰহ্মা  হৰকে আদি কৰি  শ্ৰেষঠ দেৱ- দেৱতা সকলেও যিজন ভগৱানক পাৱ্লৈ কঠোৰ ধ্যান কৰিব লগীয়া হয়, তেনে কঠোৰ ধ্যানেও ভগৱানৰ প্ৰাপ্তি সম্ভৱ নহয়.  ভগৱানৰ অপাৰ মহিমাৰ কথা  জানিবলৈ চেষ্ঠা কৰা  কথা্টো সংলগ্ন কৰি মহাপুৰুষ মাধৱ্দেৱ জনাই নিজকে অধম বুলি বিবেচনা কৰিছে. সেইয়েহে  মহাপুৰুষ মাধৱদেৱ  ভগৱানৰচৰণ  শৰণাপন্ন হোৱাৰ কথা উল্লেখ কৰিছে.

Leave a Reply